অসমঅসম আৰক্ষী

এইবাৰে চীনে অৰুণাচলী নহয়, অৰুণাচলীয়ে অপহৰণ কৰিলে অসমৰ যুৱকক…

ইয়াৰে স্থানীয় বানফাও ৱাংপাম নামৰ অৰুণাচলী লোকজনক ইতিমধ্যে উগ্ৰপন্থীয়ে এৰি দিছে বুলি জানিব পৰা গৈছে।

অৰুণাচলত অপহৃত অসমৰ যুৱক। অৰুণাচল প্ৰদেশত অসমৰ যুৱকক অপহৰণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। তিনিওজন শ্ৰমিকক NSCNএ অপহৰণ কৰাৰ সন্দেহ। এজন অপহৃত শ্ৰমিকক মুকলি NSCNৰ।

অৰুণাচলৰ লংডিং জিলাৰ লংখৌ বস্তিৰ পৰা ৩১ জানুৱাৰীতে NSCNএ অপহৰণ কৰে তিনিজন শ্ৰমিকক। অৰুণাচলৰ লংখৌ বস্তিৰ পৰা পুমাও বস্তিলৈকে প্ৰধানমন্ত্ৰীৰ আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা এটি পথৰ কামত নিয়োজিত আছিল তিনিজনকৈ শ্ৰমিক। উগ্ৰপন্থীৰ দলটোৱে নিশা প্ৰায় ৯.৩০ বজাত অপহৰণ কৰে শ্ৰমিককেইজনক। ইয়াৰে এজন অসমৰ যুৱকৰ পৰিৱৰ্তে এজন অৰুণাচল আৰু আনজন বিহাৰৰ।

অপহৃত অসমৰ যুৱকজন ডিব্ৰুগড় জিলাৰ টিংখং কেচেৰুগুৰীৰ। টিংখং দুই নং কেচেৰুগুৰিৰ লোকজনৰ নাম হীৰেন কোচ। আন দুজন শ্ৰমিক হৈছে বিহাৰৰ ৰামাছিশ মাহাতো আৰু স্থানীয় বানফাও ৱাংপাম। ইয়াৰে স্থানীয় বানফাও ৱাংপাম নামৰ অৰুণাচলী লোকজনক ইতিমধ্যে উগ্ৰপন্থীয়ে এৰি দিছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ দিন ধৰি অপহৃত হীৰেন কোচৰ ঘৰত শোকাকুল পৰিৱেশ। উগ্ৰপন্থীৰ অপহৰণৰ পিছতে হীৰেন কোচৰ টিংখাঙৰ বাসগৃহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সন্তানক NSCNৰ কৱলৰ পৰা উদ্ধাৰ কৰি অনাৰ বাবে প্ৰশাসনক কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 11 =

Back to top button