Socialঅপৰাধঅসমধৰ্মীয়ধাৰ্মিক

বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বৰপেটা সত্ৰই আইনৰ কাষ চাপিব!

আজি বৰপেটা সত্ৰৰ 'পাটচাঙ'ত সত্ৰ পৰিচালনা সমিতিৰ সভাত বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা সদৰ থানাত আজি ৰুজু কৰিব গোচৰ৷

বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বৰপেটা সত্ৰই আইনৰ কাষ চাপিব৷ আজি বৰপেটা সত্ৰৰ ‘পাটচাঙ’ত সত্ৰ পৰিচালনা সমিতিৰ সভাত বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা সদৰ থানাত আজি ৰুজু কৰিব গোচৰ৷ শ্বেৰমানৰ দৰে মানুহে এনে কথা ক’ব পাৰিলে তাৰ বাবে মনত ধিক্কাৰ আহিছে বুলিও ক্ষোভ উজাৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে৷

তেওঁ থকালৈকে বাঘবৰত উচ্ছেদ হ’ব নোৱাৰে বুলি কবলৈ তেওঁ অসমৰ মালিক নেকি বুলিও প্ৰশ্ন বুঢ়াসত্ৰীয়াৰ৷ এয়া বৰপেটা সত্ৰই নহয় সমগ্ৰ অসমৰ সমুহ সত্ৰৰ প্ৰতিয়েই বিধায়ক গৰাকীৰ অপমান বুলিও মন্তব্য বুঢ়াসত্ৰীয়াৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button