ফটোভাৰত

বন্দুকৰ সতে ছেলফিৰ চখ পূৰাবলৈ যাওতে থুতৰিৰে সোমাই গ’ল বন্দুকৰ গুলী

 ছেলফি ল’বলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী নৱ বিবাহিতা মহিলাই

নিতৌ ছেলফিৰ বাবে মৃত্যু হয় বহুজনৰ। এইবাৰ ঘটিল ছেলফিৰ ফলত মৃত্যু হোৱা আন এটা আজব ঘটনা।  ছেলফি ল’বলৈ গৈ প্ৰাণ হেৰুৱাই এগৰাকী নৱ বিবাহিতা বোৱাৰীয়ে।

বন্দুকৰ সতে ছেলফিৰ চখ পূৰাবলৈ গৈ মৃত্যু হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হৰদৈ অঞ্চলত। মৃত্যু হোৱা মহিলা গৰাকীৰ নাম ৰাধিকা গুপ্তা বুলি জানিব পৰা গৈছে।

হাতত বন্দুক লৈ ছেলফি লবলৈ চেষ্টা কৰি আছিল ৰাধিকা গুপ্তাই আৰু এয়া কোনো আচৰিত ঘটনা নহয়। উত্তৰ প্ৰদেশত হাতে হাতে বন্দুক থকাটো এটা সাধাৰণ ঘটনা। অতি সাধাৰণ বস্তুৰদৰে ব্যবহাৰ হয় বন্দুক। এনেদৰে গুলীভৰ্তি বন্দুক লৈ ছেলফি লবলৈ গৈ ঘটিল ভয়ংকৰ বিপদ।

ৰাধিকাই বন্দুকৰ গুলী আঁতৰাই লোৱা নাছিল। নিজৰ থুতৰিত বন্দুকৰ নলী লগাই এহাতে বন্দুক ধৰি এহাতে ছেলফি লবলৈ চেষ্টা কৰোঁতেই হঠাতে গুলীভৰ্তি বন্দুকৰ পৰা নিৰ্গত হৈ থুতৰিৰে সোমাই গ’ল বন্দুকৰ গুলী

তেওঁ বন্দুকৰ গুলী আঁতৰাই লোৱা নাছিল। তাৰ পৰিৱৰ্তে নিজৰ থুতৰিত বন্দুকৰ নলী লগাই এহাতে বন্দুক ধৰি এহাতে ছেলফি লবলৈ চেষ্টা কৰোঁতেই হঠাতে ওলাই গল গুলী। যাৰ ফলত থুতৰি হৈ সোমাই গল গুলী। আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

স্থানীয় লোকে জনোৱা অনুসৰি, ২৬ বছৰীয়া ৰাধিকাৰ ছেলফি লোৱাত অত্যাধিক চখ আছিল। আৰু বন্দুকটো আছিল তেওঁৰ শহুৰেকৰ। গুলীৰ শব্দ শুনি পৰিয়ালৰ লোক দৌৰি আহিছিল। আহি সকলোৱে মহিলা গৰাকীক ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰে। তেওঁক লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়।

তেওঁৰ মৃতদেহৰ কাষতেই পৰি আছিল এটা মোবাইল ফোন। য’ত তেওঁ লোৱা এখন ছেলফি উদ্ধাৰ কৰা হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button