অসমজীৱনশৈলীৰাজনৈতিকশ্ৰেণীবিহীন

বটদ্ৰৱাৰ বৃহৎ চৰকাৰী ভূমি বেদখলৰ চৰজমিন তদন্ত প্ৰাক্তন বিধায়িকা আঙুৰলতাৰ

বেদখলকাৰীয়ে লাভ কৰি আহিছে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বটদ্ৰৱা থানৰ চৌপাশৰ বৃহৎ চৰকাৰী ভূমি বেদখলৰ চৰজমিন তদন্ত প্ৰাক্তন বিধায়িকা আঙুৰলতাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱাৰ বেদখলীকৃত প্ৰায় ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰি গুৰুজনাৰ পৱিত্র জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানক অসম তথা বহিঃবিশ্বৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰায় ১৬৫ বিঘা ভূমিক সাঙুৰি ১৮৮ কোটি টকাৰ ব্যয়ৰে “বটদ্ৰৱা প্ৰকল্প”ৰ কাম কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে যোৱা ২৫ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰিছিল।
বেদখলকৃত চৰকাৰী বৃহৎ ভূমি বেদখলমুক্ত এতিয়াও হোৱা নাই। সকলো ধৰ্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিচাবে দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছতে কঠোৰ ভূমিকা গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ চৌদিশে থকা এই বৃহৎ চৰকাৰী বেদখলকৃত ভূমি সন্দৰ্ভত চৰজমিন তদন্তৰ বাবে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক নিৰ্দেশনা দিয়াৰ পিছতে আজি প্ৰাক্তন বিধায়িকা গৰাকীয়ে ধিং ৰাজহ চক্ৰ বিষয়াৰ লগতে প্ৰশাসনৰ মণ্ডল কাননগুহ সহ বিষয়া কৰ্মচাৰীক লগত লৈ বেদখলকাৰীৰ কবলত থকা বীজ পামৰ ৩৪৬ নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্ৰায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা আৰু লালুংগাওঁৰ ৩৫৪ নং দাগৰ ২৮৫ বিঘা ভূমিৰ চৰজমিন পৰিদৰ্শন কৰে।
এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে। একাংশই কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে। ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা ভূমি ব্ৰিটিছৰ শাসনকালত ১৯৩০ চনতে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ নামত আবন্টন দিছিল যদিও সেই স্থানত বেদখলকাৰীয়ে নিজৰ সতি -সন্ততিক বিয়া দি পাতিছে জামাইবস্ত।
একেদৰে তদানীন্তন অগপ চৰকাৰে লালুংগাওঁ কিচামতৰ ৩৫৪ নং দাগৰ ২৮৫ বিঘা ভূমি প্ৰাক্তন সৈনিক সকলৰ নামত আবন্টন দিছিল যদিও সেই ভূমিত বেদখলকাৰীৰ উপদ্ৰব চলি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button