অপৰাধঅসমস্বাস্থ্য

প্ৰেমিকাই ফোন কৰাৰ পাছতেই নলাৰ পৰা সংকট জনক অৱস্থাত উদ্ধাৰ প্ৰেমিক

যুৱকজনক হত্যাৰ অপচেষ্টাৰ অভিযোগ পৰিয়ালৰ

ভেলেউগুৰিত চাঞ্চল্যকৰ ঘটনা। সংকট জনক অৱস্থাত পাহাৰৰ নলাৰ পৰা উদ্ধাৰ হল এজন যুৱক। যুৱক জনৰ ঘৰ ডবকাৰ ভেলেউগুৰিত।

প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক হত্যাৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।

  জানিব পৰা মতে, শনিবাৰে নিশা যুৱকজনক প্ৰেমিকাই ফোন কৰি মাতি নিছিল প্ৰেমিকাই। যুৱকজনক প্ৰেমিকাই মাতি নিয়াৰ পাছৰে পৰা বহু সময় নিখোজ হৈ আছিল যুৱকজন। নিখোজ হৈ থকা যুৱক জনক পৰিয়ালৰ লোকে উদ্ধাৰ কৰে প্ৰেমিকাৰ ঘৰৰ কাষতে থকা পাহাৰৰ নলাত।

  পৰিয়ালৰ লোকে যুৱক জনক সংকট জনক অৱস্থাত পাহাৰৰ নলাৰ পৰা উদ্ধাৰ কৰি ডবকা চিকিৎসালয় লৈ যায় যদিও সংকট জনক অৱস্থাত যুৱক জনক প্ৰেৰণ কৰে গুৱাহাটীলৈ।

  ভগ্নিৰ সৈতে প্ৰেমজনীত সম্পৰ্কত জড়িত থকাৰ সন্দেহত আজিবুৰ ৰহমান নামৰ এজন লম্পটৰ লগতে যুৱক জনক হত্যাৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱক জনৰ পৰিয়ালৰ লোকে।

  অৱশেষত গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাতে যুৱক জনে মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে।

  ঘটনা সংক্ৰান্তত ভুক্তভুগি পৰিয়ালটোৱে আজিবুৰ ৰহমান আৰু এই ঘটনাত জড়িত থকাৰ সন্দেহত কেবাজনো লোকৰ ওপৰত ডবকা থানাত গোচৰ ৰুজু কৰে।

  ইতিমধ্যে ডবকা আৰক্ষীয়ে আজিবুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 12 =

Back to top button