শ্ৰেণীবিহীন

প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক জনালে নৱৰাত্ৰিৰ শুভেচ্ছা

তেওঁৰ আশা কৰে নৱৰাত্ৰিয়ে মানুহৰ জীৱনত সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নৱৰাত্ৰিৰ ৯ দিনীয়া উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটা যোগে কয়, তেওঁৰ আশা, নৱৰাত্ৰিয়ে মানুহৰ জীৱনত সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনিব। সকলো হিন্দুৰ বাবে উৎসৱৰ গুৰুত্বৰ বিষয়ে চিন্তা কৰি তেওঁ কয় যে, “আগন্তুক দিনবোৰ হৈছে জগত জননী মাৰ উপাসনাত নিজকে নিয়োজিত কৰাৰ বিষয়ে।”

শুভ উৎসৱটো আজি ৰাতিপুৱা আৰম্ভ হৈছে আৰু ১৫ অক্টোবৰত সমাপ্ত হোৱা ৯ দিনৰ বাবে উদযাপন কৰা হ’ব। হিন্দু বৰ্ষপঞ্জী অনুসৰি, এই বছৰ উৎসৱৰ তৃতীয় আৰু চতুৰ্থ দিন একেদিনাই হৈছে, যাৰ ফলত দশেৰা উদযাপন কৰাৰ ১০ম দিন হিচাপে ১৫অক্টোবৰ হ’ব।

এই ৯ দিনীয়া উৎসৱ সমগ্ৰ ভাৰততে পালন কৰা হয়। এই উৎসৱৰ সময়ত, মানুহে দেৱী দুৰ্গাক তেওঁৰ ৯টা অৱতাৰত উপাসনা কৰে। ‘নৱৰাত্ৰি’ শব্দটোৰ অৰ্থ হৈছে ‘৯ ৰাতি’, যি অশুভ শক্তিৰ ওপৰত ন অৱতাৰৰ বিজয় সূচায়। হিন্দু বৰ্ষপঞ্জী অনুসৰি, প্ৰথম দিনটোক অশ্বিন মাহত শুক্লা পক্ষ বুলি গণ্য কৰা হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + fourteen =

Back to top button