জীৱনশৈলীপৰিৱেশবন্যপ্ৰাণী

বিহালী বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষনা কৰাৰ দাবী

ক'তো নোপোৱা উদ্ভিদো পোৱা যায় এই বনাঞ্চলখনত

অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ পূৱ হিমালয়ৰ পাদগিৰিত অৱস্থিত এখন ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল হৈছে বিহালী সংৰক্ষিত বনাঞ্চল।

প্ৰাৰম্ভিকতে বিহালী সংৰক্ষিত বনাঞ্চলখন ১৪০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰফলৰে আগুৰি আছিল যদিও আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলস্বৰূপে মানুহে বনাঞ্চলখন ধংস কৰিবলে লয়। ফলত বৰ্তমান ৮০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰফলহে আগুৰি আছে বনাঞ্চলখনে।

বিহালী সংৰক্ষিত বনাঞ্চলখন বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান। স্থানীয় গৱেষকে এই বনাঞ্চলৰ অনুসন্ধানৰ কৰি অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য পাবলৈ সক্ষম হৈছে। এই বনাঞ্চলখনত প্ৰায় ৩০৮ বিধ সপুষ্পক উদ্ভিদ, ৩৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮২ বিধ পক্ষী, ২৩ বিধ সাপ, ১১বিধ কাছ, ১২ বিধ উভচৰ প্ৰাণীকে ধৰি ২৭৫ বিধতকৈও অধিক পখিলা আছে। টুপিমুৰীয়া বান্দৰ, শৰপহু, লাজুকী বান্দৰ, নলগাঁহৰি, বাঘ, হাতী ইত্যাদি আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে এই সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছগছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ থল আছে। এই বনাঞ্চলতেই পৃথিৱীৰ ক’তো নোপোৱা ক্ল’ৰ’ফাইটিমা আছামিকাম নামৰ এবিধ সপুস্পক উদ্ভিদ পোৱা গৈছে। তদুপৰি ঔষধি মূল্য বহুত বেছি হোৱা আন ৬ বিধ উদ্ভিদ অসমত প্ৰথম বাৰৰ বাবে বিহালী বনাঞ্চলৰ পৰা আৱিস্কৃত হৈছে। এই বনাঞ্চলতেই পোৱা যায় বনৰীয়া কমলা, আপুৰুগীয়া ভোলা গছ।

কিন্তু বৰ্তমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ বাবে মানুহে হাবি বন ধ্বংস কৰি খেতিপথাৰ মুকলি কৰাৰ বাবে বনাঞ্চলৰ জৈৱবৈচিত্ৰ্যতা বিপন্ন হ’বলৈ ধৰিছে আৰু অবৈধ চিকাৰৰ ফলস্বৰূপে আপুৰুগীয়া গছ আৰু প্ৰাণীৰ সংখ্যা দিনক দিনে কমি গৈ জৈৱ বৈচিত্ৰ্যতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।  গতিকে বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত কৰাৰ স্বাৰ্থত অতিসোনকালে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন হৈছে বিশ্বনাথ জিলাত।

ইফালে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিহালী সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰাৰ বাবে বিধান সভাত বিষয়টো উত্থাপন কৰিব বুলি জানিবলৈ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 19 =

Back to top button