অসমদৈনিক বাতৰিমনোৰঞ্জন

ৰাজ্যৰ চুটি-চাপৰ মানুহৰ ৰাজকীয় বিবাহ! উপস্থিত থাকিব ৰজাঘৰীয়া লোক…

কোকৰাঝাৰৰ বাসিন্দা আৰু দেখাত কণমানি মনেশ্বৰ দৈমাৰীৰ বিয়াক লৈ কোকৰাঝাৰত ৰজাঘৰীয়া -প্ৰজাঘৰীয়াৰ মাজত তুমুল ব্যস্ততা

কোকৰাঝাৰৰ এজন চুটি-চাপৰ মানুহৰ বহুচৰ্চিত বিয়া।

অচিনাকী লোকে মনেশ্বৰক দেখিলে সাধাৰণতে সৰু ল’ৰা বুলিয়েই ভুল কৰে । কিন্তু দেখাত চুটি চাপৰ মনেশ্বৰ বসুমতাৰী সৰু ল’ৰা নহয়। মনেশ্বৰ বসুমতাৰীৰ বয়স প্ৰায় ৪৫ বছৰ আৰু এবছুৰ এগৰাকী অক্লান্ত কৰ্মী।

বাগছা জিলাৰ গোৰেশ্বৰৰ পুখুৰীপাৰ গাঁৱত ১৯৭৭ চনত জন্মগ্ৰহণ কৰা মনেশ্বৰ দৈমাৰী এবছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক , সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল । বহু ঘাত-প্ৰতিঘাতেৰে জীৱন অতিবাহিত কৰা মনেশ্বৰ দৈমাৰী বৰ্তমান কোকৰাঝাৰৰ বাসিন্দা আৰু দেখাত কণমানি মনেশ্বৰ দৈমাৰী বিয়াক লৈ কোকৰাঝাৰত ৰজাঘৰীয়া -প্ৰজাঘৰীয়াৰ মাজত তুমুল ব্যস্ততা
বিবাহৰ অতিথি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ ৰাজনীতিৰ বহু নেতা। বাদ পৰি ৰোৱা নাই ছাত্ৰ সংগঠনৰ মুৰব্বীকে ধৰি প্ৰায় সকলো জাতীয় সংগঠনৰ নেতা। কোকৰাঝাৰৰ বাসিন্দা আৰু দেখাত কণমানি মনেশ্বৰ দৈমাৰীৰ বিয়াক লৈ কোকৰাঝাৰত ৰজাঘৰীয়া -প্ৰজাঘৰীয়াৰ মাজত তুমুল ব্যস্ততা।

মুখ্যমন্ত্ৰীৰ উপৰিও বিটিচি প্ৰধান প্ৰমোদ বড়ো আদিকে ধৰি ৰাজ্যৰ ৰাজনীতিবিদসকলো বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দৰা মনেশ্বৰক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত। উপস্থিত বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button