leatest updateঅসমঅসম আৰক্ষী

মেদবহুল আৰক্ষীৰ বাবে BMI অগ্নিপৰীক্ষা। অতিৰিক্ত মেদ হ্ৰাসৰ বাবে বিশেষ প্ৰশিক্ষণ অসম আৰক্ষীৰ।

জি পি সিঙৰ নিৰ্দেশ অনুসৰি ১৬ আগষ্টৰ ভিতৰত শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰাত ব্যস্ত অসম আৰক্ষী।

১৬ আগষ্টত অসম আৰক্ষীৰ BMI টেষ্ট। মেদবহুল আৰক্ষীৰ বাবে BMI অগ্নিপৰীক্ষা। অতিৰিক্ত মেদ হ্ৰাসৰ বাবে বিশেষ প্ৰশিক্ষণ। গোলাঘাট আৰক্ষী ছাউনিত অনুশীলনত ব্যস্ত আৰক্ষী। মৰিগাঁও পুলিচ ৰিজাৰ্ভতো অনুশীলন মেদবহুল আৰক্ষীৰ। শিৱসাগৰতো শাৰীৰিক অনুশীলন ব্যস্ত আৰক্ষীৰ দল।

১৬ আগষ্টত হ’বলগীয়া অসম আৰক্ষীৰ BMI টেষ্টৰ বাবে সাজু অসম আৰক্ষীৰ লগতে মৰিগাঁও আৰক্ষীৰ মেদবহুল আৰক্ষী। ১৬ আগষ্টৰ ভিতৰত শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰিবলৈ দিনে-নিশাই কচৰৎত ব্যস্ত একাংশ মেদবহুল আৰক্ষী।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিংৰ নিৰ্দেশমৰ্মে গোলাঘাটত আৰক্ষীৰ কচৰৎ। পেটুৱা আৰক্ষীৰ সংখ্যা হ্ৰাস কৰিবলৈ গোলাঘাটৰ মেইনৰোড আৰু যমুনা পাৰ্কত আৰক্ষীৰ এই কচৰৎ অভিযান। আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এই বিশেষ অভিযান।

শিৱসাগৰতো BMI টেষ্টৰ বাবে মেদবহুল আৰক্ষীৰ জোৰদাৰ অনুশীলন। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ অনুসৰি ১৬ আগষ্টৰ ভিতৰত শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰিবলৈ শিৱসাগৰতো নিতৌ শাৰীৰিক ব্যায়াম কৰাত লাগিছে আৰক্ষীয়ে। প্ৰতিদিনে পুৱা শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত খোজ কাঢ়ি, দৌৰি, আসন কৰি ওজন হ্ৰাসৰ চেষ্টা আৰক্ষীৰ। BMI পৰীক্ষাৰ পূবে শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰিব বুলি দৃঢ়তা এইসকল আৰক্ষীৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − four =

Back to top button