অসম

নাঙলৰ সীৰলুত এইবাৰ বোকা-মাটি নহয়, ওলাল ৰজাদিনীয়া কাঁহী-বাতি

আগৰ দিনত মানুহৰ ঘৰে-ঘৰে আছিল কাঁহী বাতিৰ অফুৰন্ত ভাণ্ডাৰ

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। এসময়ৰ ধন-ঐশ্বৰ্যৰে ভৰপূৰ ঐশ্বৰ্যশালী বৰ অসমৰ কথা কৈ শেষ কৰিব নোৱাৰি। এটা সময়ত মানুহৰ ঘৰ ভৰি আছিল ভঁৰাল, ধন-সম্পত্তি।

দিন বাগৰিল। সময়ৰ সোঁতত হেৰাল ঐশ্বৰ্য। আগৰ দিনত মানুহৰ ঘৰে-ঘৰে আছিল কাঁহী বাতিৰ অফুৰন্ত ভাণ্ডাৰ। এতিয়া সেই দিনো নাই, ঘৰে-ঘৰে কাঁহৰ কাঁহী-বাতিৰ ভৰপূৰ ভঁৰালো নাই।

পিছে লখিমপুৰৰ এটা ঘটনাই যেন পুনৰ মনত পেলাই দিলে পূৰ্বৰ ঐশ্বৰ্যশালী অসমৰ কথা। লখিমপুৰত পথাৰত হাল বাওতে ওলাল পুৰণি দিনীয়া কাহঁৰ বাতি। লখিমপুৰ নগৰৰ সমীপৰ সোণোৱাল গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে ছটাকৈ কাঁহৰ বাতি।
ভূৱন সোণোৱাল নামৰ এজন কৃষকে পথাৰত হাল বাই থাকোতেই নাঙলত লাগি উঠি আহে কাঁহৰ বাতিকেইটা।
ভগ্ন অৱস্থাত উদ্ধাৰ হোৱা এই বাতিকেইটাৰ আহোম ৰাজত্ব কালত ব্যৱহৃত বাতিৰ সৈতে কিছু সাদৃশ্য আছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে। ইয়াৰে দুটামান বাতি হাতীখুজীয়া বাতি বুলিও কয় স্থানীয় ৰাইজে।

পথাৰত উদ্ধাৰ হোৱা এই ৰজাদিনীয়া বাতি কেইটা চাবলৈ এতিয়া কৃষক জনৰ ঘৰত ভিৰ কৰিছে ৰাইজে। পুৰণিদিনীয়া কাঁহৰ বাতিকেইটা পথাৰত উদ্ধাৰ হোৱা ঘটনাই যেন খুলি দিলে ইতিহাসৰ বহু পৃষ্ঠা।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

seven + fifteen =

Back to top button