অসমদিল্লীদৈনিক বাতৰি

নতুন দিল্লীত নিমাতিঘাটৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সৰ্বানন্দ সোণোৱালৰ

দেওবাৰে মাজুলীলৈ যাব সৰ্বানন্দ সোণোৱাল

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিমাতিঘাটৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ।

সৰ্বানন্দ সোণোৱালে কয় যে, দুৰ্ঘটনাৰ বাবে তেওঁ মৰ্মাহত, এনে ঘটনা কাহানিও নঘটক। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা- বতৰা হোৱা বুলি উল্লেখ কৰে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ য়ে নিষ্ঠাৰে উদ্ধাৰ অভিযানত ব্ৰতী হৈছে।নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে তেওঁ।

মন্ত্ৰীগৰাকীয়ে কয় যে, মাজুলীবাসী ৰাইজৰ দলং নিৰ্মাণৰ দাবী বহু দীৰ্ঘ দিনীয়া দাবী আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰ মাজুলীত দলং নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ। কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰোতে সময়ৰ প্ৰয়োজন হয় এইয়া ৰাজনীতিৰ বিষয় নহয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত চৰকাৰৰ তৰফৰ পৰা সম্পুৰ্ণ সহযোগৰ আশ্বাস দিছে বুলিও কয় সৰ্বানন্দ সোণোৱালে।

ৰবিবাৰে নিজে মাজুলীলৈ যাব মন্ত্ৰীগৰাকী৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button