অপৰাধঅসম

নগাঁৱত অপৰাধীৰ বিৰুদ্ধে মাৰাথন অভিযান আনন্দ মিশ্ৰৰ

অপৰাধীৰ ৰম্যভূমি নগাওঁ। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰক জ্বলা কলা খোৱাইছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈছিল নগাঁৱত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে ঘটনাৰ বিৰুদ্ধেও কোনোধৰনৰ পদক্ষেপ লোৱাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী।

পিছে এইবাৰ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নতুন নগাঁৱবাসীৰ মাজলৈ এতিয়া আশাৰ সঞ্চাৰ।

নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ আনন্দ মিশ্ৰৰ। লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

আনন্দ মিশ্ৰই কৰায়ত্ত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁৱৰ বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছ নেতা আব্দুল বাছেট ওৰফে ইফুৰ বিৰুদ্ধেও। অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী। উল্লেখযোগ্য যে,  ইফুক বিচাৰি নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seventeen =

Back to top button