Socialঅপৰাধঅসম

ধৰ্ষণ হত্য়াৰ বলি হোৱা ভূৰাগাঁৱৰ ৯ বছৰীয়া কণমানিৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী, অচিৰেই তদন্তৰ নিৰ্দেশ

ধৰ্ষণ হত্যাৰ বলি হৈছিল এগৰাকী ৯ বছৰীয়া কণমানি

দেওবাৰে ভূৰাগাঁৱত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। নিৰ্মমভাৱে হত্যা কৰা হৈছিল এজনী ৯ বছৰীয়া কণমানিক।

ধৰ্ষণ হত্যাৰ বলি হৈছিল এগৰাকী ৯ বছৰীয়া কণমানি। ফুলকুমলীয়া বয়সতে জীৱন হেৰুওৱা কণমানিজনি হত্যাৰ পাঁচ দিন উকলি গ’ল। কিন্তু এতিয়া পৰ্য্যন্ত ওলোৱা নাই অপৰাধী। আৰক্ষীৰ চকুত ধূলি দি এতিয়াও পলাতক অপৰাধী। অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ভূৰাগাঁও আৰক্ষী।

বালিডোঙাৰ ভুক্তভোগী পৰিয়ালটোৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। দুৰ্ভগীয়া পিতৃ-মাতৃৰ লগত ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ উপৰিও উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালটোক আশ্বাস দিয়াৰ লগতে অচিৰেই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে আৰক্ষীক। অতি সোনকালে দোষীক উপযুক্ত শাস্তি বিহিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 3 =

Back to top button