অসমস্বাস্থ্য

ধঁপাতৰ মূল্যবৃদ্ধিৰ আহ্বান কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ

চৰকাৰৰ অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জিএছটি কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে।

ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু ভেকচিন ক্ৰয়ৰ দৰে কাৰ্যৰ বাবে প্ৰয়োজনীয় পুঁজি ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ কৰিবলে আহ্বান জনাই কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে।

ধঁপাতৰ ওপৰত অধিক কৰ আৰোপৰ দ্বাৰা চৰকাৰে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অতিৰিক্ত পুঁজি লাভ কৰিব আৰু আনফালে মূল্যবৃদ্ধিৰ ফলত ধঁপাত সেৱনৰ মাত্ৰা হ্ৰাস কৰিব পাৰিব।

উল্লেখ্য যে, কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামে বুধবাৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰি অহা ২৮ মে’ ত অনুষ্ঠিত হ’বলগীয়া জিএছটি কাউন্সিলৰ বৈঠকত ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিবলৈ আহ্বান জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + twelve =

Back to top button