Socialঅপৰাধঅসম

দুৰ্গা পূজাত নতুন পোছাক, বুলেট বাইকেৰে নকৈ সাজু অসম আৰক্ষী

আৰক্ষীৰ বিশেষ দলক দিয়া হৈছে নতুন পোছাক, বুলেট বাইক

দুৰ্গা পূজাত নতুন পোছাক, বুলেট বাইকেৰে নকৈ সাজু অসম আৰক্ষী।
মৰিগাঁৱত জিলা প্ৰশাসনে সাজু কৰিছে special rider party। বিশেষকৈ সমাগত দুৰ্গা পূজাৰ সময়ছোৱাত মৰিগাঁও, জাগিৰোড যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিব এই দলটোৱে। দলটোক দিয়া হৈছে নতুন পোছাক, বুলেট বাইক।
সমগ্ৰ মৰিগাঁও চহৰত বাইকেৰে তহল দিব আৰক্ষীৰ এই বিশেষ দল special rider partyয়ে। আৰু মৰিগাঁও চহৰত অপৰাধজনীত ঘটনা যেনে কিডনেপিং , ড্ৰগছ ব্যৱসায়ী চক্ৰ , গাড়ী চুৰি ঘটনা আদি ৰোধ কৰিবৰ বাবে এই দলটো প্ৰতিদিনে সক্ৰিয় হৈ থাকিব বুলি জনাই আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button