অসমখেলবিশ্বভাৰত

দুটাকৈ স্বৰ্ণ পদক জয় কৰিলে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে

০৮ ছেকেণ্ডৰ বাবে ২০০ মিটাৰ ইভেণ্টত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ!

অসমৰ ‘ধিং এক্সপ্ৰেছ’ হিমা দাস মাত্ৰ ০৮ ছেকেণ্ডৰ বাবে ২০০ মিটাৰ ইভেণ্টত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল।

পাটিয়ালাত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিকছ চেম্পিয়নশ্বিপৰ দুটা ইভেণ্টত হিমা দাসে ২০০ মিটাৰ আৰু ৪x১০০ মিটাৰ ইভেণ্টত অংশগ্ৰহণ কৰি দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুটা ইভেণ্টত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিও হিমাই বৰ্তমানলৈকে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

৪x১০০ মিটাৰ ইভেণ্টত হিমাই দুতী চান্দ,  এ.সুচিন্দ্ৰন আৰু ভাৰতীয় এথলেটিকথৰ নৱতম চাঞ্চল্য ধনলক্ষ্মীৰ সৈতে ৪৩.৩৭ ছেকেণ্ডৰে জয় হৈ স্বৰ্ণ পদক অৰ্জন কৰিবলে সক্ষম হৈছে। এই ইভেণ্টত এথলিট কেইগৰাকীয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছেনে নাই সেই বিষয়ে ইণ্টাৰনেচনেল এচছিয়েশ্বন অৱ এথলেটিকছ ফেডাৰেচনে মঙ্গলবাৰে ঘোষণা কৰিব।

হিমাই সোমবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ২০০ মিটাৰ ইভেণ্টত ২২.৮৮ ছেকেণ্ডত স্বৰ্ণজয় কৰিবলৈ সক্ষম হয়। পিছে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজন ২০০ মিটাৰ ইভেণ্টত ২২.৮০ ছেকেণ্ড সময়ৰ।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে হিমা দাস হৈ পৰিব অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। ইতিমধ্যে বক্সিংত ৬৯ কেজি শাখাত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি লাভলনী বৰগোহাঁইয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eighteen =

Back to top button