ভাৰত

ভুলবশতঃ পাকিস্তানত পৰিলগৈ ভাৰতৰ মিছাইল, পাকিস্তানে ল’লে এই পদক্ষেপ…

ভাৰতৰ স্পষ্টীকৰণত সন্তুষ্ট নহয় পাকিস্তান চৰকাৰ। ঘটনাৰ লগত জড়িত তথ্যৰ ভালদৰে বিশ্লেষণ কৰিবৰ বাবে আহ্বান জনাইছে পাকিস্তানে।

চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতৰ পৰা পঠিওৱা এটা মিছাইল পৰে পাকিস্তানৰ এটা এলেকাত। ভাৰতৰ পৰা নিক্ষেপ কৰা মিছাইলটো পাকিস্তানত পৰাত ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে পাকিস্তানত।

বৃহস্পতিবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনায় যে, যান্ত্ৰিক বিজুতিৰ বাবে ভাৰতৰ পৰা পঠিওৱা মিছাইলটো গৈ পাকিস্তানত পৰিলগৈ। মিছাইল পৰাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পাকিস্তানত। ঘটনাৰ পিছতে ভাৰতে ভুলবশতঃ মিছাইল পৰাৰ স্পষ্টীকৰণ দিয়ে যদিও এই কথাক সহজে মানি ল’ব পৰা নাই পাকিস্তানে। ভাৰতৰ স্পষ্টীকৰণত সন্তুষ্ট নহয় পাকিস্তান চৰকাৰ। ঘটনাৰ লগত জড়িত তথ্যৰ ভালদৰে বিশ্লেষণ কৰিবৰ বাবে আহ্বান জনাইছে পাকিস্তানে।

 

পাকিস্তানৰ মন্তব্য অনুসৰি ভাৰতৰ পৰা পঠিওৱা মিছাইলটো পাকিস্তানৰ এয়াৰস্পেছৰ ভিতৰত ৪০,০০০ ফুট উচ্চতাত ১০০ কিমি পৰ্যন্ত উৰা মাৰে। শব্দৰ গতিবেগতকৈ তিনিগুণ বেগত উৰা মৰা মিছাইলটো সৌভাগ্যবশতঃ বিস্ফোৰিত নহয়। পাকিস্তানৰ মিলিটাৰী স্পকছপাৰ্চন মেজৰ জেনেৰেল বাবৰ ইফটিখাৰে কয় যে, ‘আবেলিৰ দিনটোত তীব্ৰবেগত অহা এটা উৰণীয়া বস্তুৱে পাকিস্তানৰ মিয়ান চানু চহৰৰ ওচৰত দুৰ্ঘটনাত পতিত হয় আৰু ইয়াক হাৰিয়ানাৰ চিৰ্চাৰ পৰা নিক্ষেপ কৰা হৈছিল’।

 

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে কয় যে, আনপক্ষৰ দ্বাৰা নিক্ষেপ কৰা এনে মিছাইলে আত্মৰক্ষাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। লগতে পাকিস্তানে এই ঘটনাটো গুৰুত্বসহকাৰে ল’বলৈ আৰু অঞ্চলটোত কৌশলগত স্থিৰতা বৃদ্ধিত ইয়াৰ উপযুক্ত ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। এই ঘটনাৰ পিছতেই বহুতেই ক’ব বিচাৰিছে যে, এয়া সামৰিক অনুশীলনৰ প্ৰস্তুতি নেকি? অৱশ্যে, ভাৰত-পাকিস্তানে দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক সম্বন্ধ বৰ্তাই ৰখাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button