Social Networkভাৰত

ছেলফীয়ে প্ৰাণ ল’লে তিনিগৰাকী কিশোৰীৰ

ছেলফীয়ে হ’ল কাল

ছেলফীয়ে হ’ল কাল। ছেলফী লোৱাৰ সময়তে প্ৰাণ গ’ল তিনিগৰাকী কিশোৰীৰ।

তেলেংগনাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। তেলেংগনাৰ নিৰ্মল জিলাত এটা পৰিয়ালৰে তিনিগৰাকী কিশোৰীয়ে ছেলফীৰ বাবে মৃত্যুক সাৱতিব লগীয়া হয়।

কিশোৰী তিনিগৰাকীৰ দুগৰাকী একেটা পৰিয়ালৰ হোৱাৰ লগতে আন এগৰাকী সম্পৰ্কীয় ভগ্নী বুলি জানিব পৰা গৈছে। ছেলফী লৈ থকাৰ সময়তে এগৰাকী কিশোৰী হ্ৰদত বাগৰি পৰে। লগে লগে কিশোৰীগৰাকীক বচাবলৈ আন দুগৰাকী কিশোৰীয়ে হ্ৰদত জাপ দিয়ে আৰু তিনিওগৰাকী সন্ধানহীন হৈ পৰে। পাছত কিশোৰী তিনিগৰাকীৰ মৃত দেহ উদ্ধাৰ হয়। ৰবিবাৰে সন্ধিয়া

মৃত্যু হোৱা কিশোৰী কেইগৰাকী ক্ৰমে ১৪ বছৰীয়া বৈশলী, ১৬ বছৰীয়া এলীম সুনীতা আৰু ১৪ বছৰীয়া অঞ্জলী বুলি জানিব পৰা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 9 =

Back to top button