Asian gamesInternationalleatest updateSocial

চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু ৭ অসম সন্তান।

বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে চীনৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰে উনবিংশতিতম এছিয়ান গেমছ।

আজিৰে পৰা চীনৰ হাংঝৌত আৰম্ভ এছিয়ান গেমছ-২০২৩। উনবিংশতিতম এছিয়াম গেমছৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ। বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে চীনৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰে এছিয়ান গেমছ। ৪৫খন দেশৰ প্ৰায় ১২,৫০০গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছে ক্ৰীড়া মহাৰণ। হাংঝৌ নগৰীৰ মুঠ ৫৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ক্ৰীড়া মহাৰণ। নিৰ্মাণ কৰা হৈছে ১২টাকৈ নতুন কেন্দ্ৰ। উদ্বোধনী অনুষ্ঠানৰ মাৰ্চপাষ্টত ভাৰতীয় দলৰ পতাকা বহন কৰে বক্সাৰ লাভলীনা বৰগোহাঁই আৰু হকী তাৰকা হৰমনপ্ৰীত সিঙে।

চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু ৭ অসম সন্তান।

উল্লেখ্য যে, চীনত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু ৭ অসম সন্তান। এছিয়ান গেমছত অংশ ল’ব অসম সন্তান শিৱ থাপা, লাভলীনা বৰগোহাঁই, অম্লান বৰগোহাঁই, শিৱাংগী শৰ্মা, উমা ছেত্ৰী, প্ৰিয়া দেৱী আৰু অস্মিতা চলিহাই। এছিয়াৰ সৰ্ববৃহৎ ক্ৰীড়া মহাৰণৰ ৩৯টাকৈ শিতানত অংশ ল’ব ভাৰতৰ মুঠ ৬৫৫গৰাকী খেলুৱৈয়ে। ভাৰতীয় এথলেটিকছৰ দলটোত ৬৮জনীয়া খেলুৱৈৰ ভিতৰত ৩৫জন পুৰুষ, ৩৩গৰাকী মহিলা।

চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু ৭ অসম সন্তান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 1 =

Back to top button