Covid-19অসম

কৰ’নাই ৰূদ্ধ কৰিছে কৃষকৰ জীৱিকাৰ পথ

সমগ্ৰ ৰাজ্যত ক’ভিড ১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা SOP অনুসৰি, দিনৰ এঘাৰ বজাত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ লগতে দিনৰ বাৰ বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইন আৰু আন্তঃ জিলা পৰিবহন বন্ধৰ ফলত কৃষি কৰ্মৰে জীৱন জীৱিকাৰ পথ বিচাৰি উলিওৱা একাংশ কৃষকৰ সপোন ভাঙি যোৱাৰ উপক্ৰম হৈছে৷

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী  শিঙিমাৰীৰ এগৰাকী শিক্ষিত যুৱক সুকমল ৰাভাই চাকৰিমুখী নহৈ নিজৰ গাঠিৰ ধন ভাঙি ১৫ বিঘা মাটিত ৩৫০০ জোপা মালভোগ আৰু চেনীচম্পা কলৰ খেতি কৰিছিল৷ বৰ্তমান এই বাগানখনত কলবোৰ বিক্ৰিৰ বাবে উপযুক্ত হৈ উঠিছে যদিও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কলবোৰ বিক্ৰী কৰিব নোৱাৰি মুৰে কপালে হাত দিব লগীয়া হৈছে যুৱকজনে৷

কৃষকগৰাকীৰ  এই দুৰ্যোগৰ সময়ত নৱগঠিত চৰকাৰখনলৈ উৎপাদিত কলসমুহ বিক্ৰিৰ বাবে পৰিকল্পিত বজাৰৰ লগতে উচিত মূল্যৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনায় যুৱকজনে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button