শ্ৰেণীবিহীন

আজি বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ, অসমৰ কোন কোন ঠাইত দেখা পাব সূৰ্যগ্ৰহণ?

আজি দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা

আজি দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা। একেডাল সৰল ৰেখাত থাকিব সূৰ্য, চন্দ্ৰ, পৃথিৱী। ১০৭ বছৰৰ পাছত হ’ব এই বিৰল মহাজাগতিক পৰিঘটনা। ২০২২ বৰ্ষৰ এইটো হ’ব অন্তিমটো সূৰ্যগ্ৰহণ। আজি হ’ব লগা এই সূৰ্যগ্ৰহণ প্ৰায় ৪০ মিনিটলৈ থাকিব। কিন্তু স্থান বা ঠাই ভেদে ইয়াৰ আৰম্ভ তথা শেষ হোৱাৰ সময় ভিন্ন হ’ব। সূৰ্যগ্ৰহণৰ সুতক কাল ১২ ঘণ্টা পূৰ্বে আৰম্ভ হৈ যাব।

Solar eclipses 2022: When, where & how to see them | Space

ভাৰতত সূৰ্যগ্ৰহণ দিনৰ ২ বাজি ২৯ মিনিটত আৰম্ভ হ’ব আৰু কমেও ৪ ঘন্টা ৩ মিনিটলৈ এই গ্ৰহণ চলিব। ভাৰতৰ নতুন দিল্লী, বাংগালোৰ, কলিকতা, চেন্নাই, উজ্জাইন, বাৰাণসী আৰু মৰাত দেখা পাব সূৰ্যগ্ৰহণ।

Solar Eclipse 2022: Dos and Don'ts to stay safe during 'Surya Grahan'  tomorrow | Mint

অসমতো বিয়লি ৪ বজাৰ পৰা দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ। নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁৱত বিয়লি দৃশ্যমান হ’ব গ্ৰহণ। গুৱাহাটীত মাত্ৰ ৩ মিনিটৰ বাবে হ’ব দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ। সূৰ্য অস্ত হোৱাৰ পাছতো গ্ৰহণ চলি থাকিব আৰু সন্ধিয়া ৬ বাজি ৩২ মিনিটত গ্ৰহণৰ সমাপ্তি হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button