Covid-19Educationঅসমজীৱনশৈলী

কেতিয়া খুলিব বিদ্যালয় মহাবিদ্যালয়.. কি ক’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

গহপুৰত উপস্থিত হৈ মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গহপুৰত উপস্থিত হৈ মন্তব্য কৰে যে দুখন জিলাৰ বাহিৰে সকলো জিলা খোলা দিছে যদিও বৰ্তমান কিন্ত দুই এদিনত বিদ্যালয় মহাবিদ্যালয় খোলা কোনো আশা নাই, কাৰণ ক’ভিড নিয়ন্ত্ৰণলৈ আহিছে যদিও সম্পূৰ্ণ শেষ হোৱা নাই। যাৰ বাবে আন্ত:জিলা খুলি দিয়া নাই অথৱা কাৰ্ফিউ সম্পূৰ্ণ উঠাই দিয়া নাই৷

ইয়াৰ উপৰিও প্ৰতিজন ব্যক্তিৰ ক’ভিড চিকিৎসাৰ নামত খৰছ হোৱা টকাৰ লগতে কন্টেইনমেন পৰিয়াল সমূহক দুহেজাৰ টকা দিয়াৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা খৰচ হৈছে যদিও বৰ্তমানেও মোকাবিলা কৰিব পৰাকৈ অসম চৰকাৰৰ হাতত  অৰ্থ জমা আছে৷

লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মিজোৰামৰ ঘটনাটোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিছাৰিছে তেওঁ৷ নিজৰ দেশৰ নাগৰিকক নিজৰ নাগৰিকে গুলীয়াই প্ৰাণ লোৱাটো অতি দুভাগ্যজনক৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 17 =

Back to top button