ভাৰতৰাজনৈতিক

কি হৈছে পঞ্জাৱত? পদত্যাগৰ দিশে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ!

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক ইস্তফা দিয়াৰ নিৰ্দেশ কংগ্ৰেছ হাইকামাণ্ডৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক ইস্তফা দিয়াৰ নিৰ্দেশ কংগ্ৰেছ হাইকামাণ্ডৰ।

আজি বিয়লি পাঁচ বজাত পঞ্জাৱ কংগ্ৰেছৰ উচ্চ স্তৰীয় বৈঠক অনুস্থিত হ’ব। বৈঠকৰ এঘন্টা পূৰ্বে ইস্তফা দিব মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। বৈঠকত উপস্থিত থাকিব পঞ্জাৱৰ পৰ্যবেক্ষক কংগ্ৰেছ নেতা অজয় মাকেন।

বৈঠকত যদি দলে নিৰ্দেশ দিলে অমৰিন্দৰ সিঙে কৰিব পাৰে দলত্যাগ।

অমৰিন্দৰ সিঙে জনাইছে যে, মুখ্যমন্ত্ৰী পদত আৰু বহি থাকিব নোৱাৰে তেওঁ।

দুপৰীয়া দুই বজাৰ পৰা অমৰিন্দৰ সিঙে নিজৰ সমৰ্থকৰ সৈতে এখন বৈঠকত ভাগ লয়। সিঙে কয় যে, যদি দলে বিচাৰে তেন্তে তেওঁ স-সন্মানে পদত্যাগ কৰিব।

ইতিমধ্যে দলৰ হাইকামাণ্ডে নতুন নেতা হিচাপে কাক নিৰ্বাচিত কৰিব, তাৰে লৈ এতিয়াও চলি আছে চিন্তা-চৰ্চা।

 

 

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

twenty + 20 =

Back to top button