Covid-19অসমস্বাস্থ্য

ক’ভিড সম্পৰ্কীয় নতুন SOP জাৰি…

অ'মিক্ৰনৰ হাৰ বৃদ্ধি হোৱা লগে লগে অসমতো ক'ভিড সম্পৰ্কীয় সাবধানতা বৃদ্ধি কৰা হৈছে। ভাৰত চৰকাৰৰ অ'মিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট'কলৰ আধাৰত নতুন মানক SOP জাৰি কৰে ৰাজ্য চৰকাৰে।

ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্ৰমণ ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ।
অ’মিক্ৰনৰ হাৰ বৃদ্ধি হোৱা লগে লগে অসমতো ক’ভিড সম্পৰ্কীয় সাবধানতা বৃদ্ধি কৰা হৈছে। ভাৰত চৰকাৰৰ অ’মিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত নতুন মানক SOP জাৰি কৰে ৰাজ্য চৰকাৰে।
অ’মিক্ৰন (Omicron) সম্পৰ্কীয় এই এছঅ’পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব।
প্ৰতিগৰাকী বিমানযাত্ৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত স্ব-ঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব।
বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব।
বিমানত উঠাৰ পূৰ্বেই এয়াৰসুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্ব-ঘোষণা দাখিল কৰিব লাগিব।
বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।
ইতিমধ্যে অ’মিক্ৰনৰ সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − eight =

Back to top button