Socialবিশ্বস্বাস্থ্য

আজি “বিশ্ব এইড্‌ছ দিৱস”! কিয় পালন কৰা হয় এই দিৱস?

প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয় বিশ্ব এইড্‌ছ দিৱস

“বিশ্ব এইড্‌ছ দিৱস”। প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয় বিশ্ব এইড্‌ছ দিৱস। ১৯৮৮ চনত প্ৰথম বাৰৰ বাবে পালন কৰা হৈছিল এই দিৱস। এই দিৱস এইডছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰা লোকসকললৈ সমৰ্পণ কৰা হয়।

সমগ্ৰ পৃথিৱীজুৰি বিশ্ব এইড্‌ছ দিৱসৰ দিনা চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইড্‌ছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে।

২০১৩ চনৰ তথ্য অনুসৰি এইড্‌ছ ৰোগৰ ফলত বিশ্বজুৰি ৩.৬ কোটি মানুহৰ মৃত্যু হৈছে (১৯৮১-২০১২), আৰু আনুমানিক ৩.৫৩ কোটি মানুহে এইড্‌ছ আক্ৰান্ত জীৱন যাপন কৰি আছে। পৃথিৱীৰ বহু অঞ্চলত প্ৰতিবছৰে ২,৭০,০০০ শিশুকে ধৰি ২০ লাখ লোকৰ মৃত্যু হয়।

২০২০ চনলৈকে যুগুত কৰা এক তথ্য মতে প্রায় ৩৬.৩ মিলিয়ন মানুহৰ ইতিমধ্যেই এইড্ছৰ ফলত মৃত্যু হৈছে আৰু ২০২০ চনতে মৃত্যু হৈছে প্রায় ৬ লাখ ৮০ হাজাৰ লোকৰ৷ বর্তমান প্রায় ৩৮ মিলিয়ন লোক ‘এইচ আই ভি’ ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ আছে৷ ইয়াৰ পৰাই বুজা যায় যে বর্তমান ই এটা গুৰুত্বপূর্ণ বিশ্বজনীন স্বাস্থ্য সম্পর্কীয় সমস্যা হৈ পৰিছে৷

বর্তমান সময়ত এইড্ছৰ বিষয়ে সকলোৰে কিছু পৰিমাণে হ’লেও জ্ঞান আছে৷ ই কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কি কি (শৰীৰৰ ওজন কমা, বহুদিন ভাল নোহোৱা কাহ, জ্বৰ আদি) ইত্যাদি। কিন্তু গুৰুত্বপূর্ণ কথা এয়ে যে ‘এইচ আই ভি’ৰ দ্বাৰা সংক্রমিত হ’লেই এজন ব্যক্তি দেখাত সম্পূর্ণ সুস্থ সবল হৈয়ে থাকিব পাৰে৷ কিন্তু সেই ব্যক্তিজনে আনলৈ এই ভাইৰাছ সংক্রমিত কৰিব পাৰে৷ গতিকে দেখাত সম্পূর্ণ সুস্থ এজন মানুহে যদি এই ভাইৰাছ কঢ়িয়াই ফুৰিছে, সেয়া বেলেগে ধাৰণা কৰিব নোৱাৰে৷ সেয়ে অসুৰক্ষিত সম্পর্ক কেতিয়াও স্থাপন কৰিব নালাগে৷ এই ক্ষেত্ৰত স্পষ্ট আৰু দৃঢ়তাৰে প্রতিজন লোকেই সজাগ হ’ব লাগে আৰু ক’ব পাৰিব লাগে, ‘ন’ কনডম ন’ ছেক্স’৷

পূৰ্বে এই ৰোগৰ কোনো চিকিৎসা নাছিল যদিও বৰ্তমান ৰোগীগৰাকীক চিকিৎসা প্ৰদান কৰি জীয়াই ৰখাটো সম্ভৱপৰ হৈছে। এইচ আই ভি ৰোগীক ভালকৈ চোৱা-চিতা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসক, নাৰ্ছ, সমাজকৰ্মী, মনোবিদ, ফাৰ্মাচিষ্ট, পুষ্টি বিশেষজ্ঞ, দন্ত চিকিৎসক আদিৰ সহায়ু-সহযোগ অতি প্ৰয়োজন।

আজি বিশ্বৰ লগতে অসমৰো কেইবাখনো চিকিৎসালয়ত উদযাপন কৰা হৈছে দিৱসটি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 20 =

Back to top button