Covid-19

ক’ভিডতকৈও প্রাণঘাতী মাক’ৰমাইক’ছিছ

দেশত ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণে সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে ভূতৰ ওপৰত দানৱ পৰা দি ব্লেক ফাংগাছে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ জানিব পৰা মতে, ক’ভিড–১৯ৰ সৈতে সম্পর্কিত ব্লেক ফাংগাছৰ দ্বাৰা আক্রান্ত হৈ দেশত এতিয়ালৈকে ৭০০০ লোকৰ মৃত্যু হৈছে৷

ব্লেক ফাংগাছ বা মাক’ৰমাইক’ছিছ ক’ভিডতকৈও ভয়ংকৰ তথা প্রাণঘাতী বুলি সদৰী কৰিছে দিল্লীৰ এইমচে৷

আই এ এন এছৰ প্রতিবেদন অনুসৰি দেশত ব্লেক ফাংগাছত এতিয়ালৈকে আক্রান্ত হৈছে ৮,৮৪৮গৰাকী লোক৷

গুজৰাটতত ২,২৮১ গৰাকী লোক ব্লেক ফাংগাছৰ দ্বাৰা আক্রান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্রত ২,০০০ জন লোক আক্রান্ত হৈছে এই মাৰাত্মক ভেঁকুৰত৷

এইমচে ব্লেক ফাংগাছ সন্দর্ভত উদ্বেগজনক তথ্য সদৰী কৰাৰ লগে লগে নতুন আতংক সৃষ্টি হৈছে৷

উল্লেখ্য যে, সংবাদ মাধ্যমত প্রকাশ পোৱা তথ্য অনুসৰি ব্লেক ফাংগাছত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আঢ়ৈশতকৈও কম৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button