অসমজীৱনশৈলী

এলাগী হ’ল বিষ্ণুৰাভাৰ একালৰ দেহৰক্ষী, কমৰেড পূৰ্ণানন্দ গগৈ

ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ

আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। এই ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ দ্বিতীয় কমৰেড হিচাপে পৰিচিত ৯৭ বছৰীয়া এই জন চৰ্চিত ব্যক্তি হ’ল কমৰেড পূৰ্ণানন্দ গগৈ।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম এজন সেনানী, স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী। ১৯৪৫ চনৰ পৰা এবছৰ তিনিমাহ ধৰি দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ। অটব্য হাবি জংঘলত স্বাধীনতাৰ বাবে বৃটিছৰ পৰাধীনতা ছিঙিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত পূৰ্ণানন্দ গগৈয়ে বিষ্ণুৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল।

জননেতা খগেণ বৰবৰুৱাৰো দেহৰক্ষী হিচাপে কৰ্মৰত পূৰ্ণানন্দ গগৈয়ে স্বাধীনতাৰ মুখ দেখিলে যদিও নিজে পৰাধীন হৈ ৰ’ল। স্বাধীনতা আন্দোলনত জপিয়াই বহুবাৰ কাৰাবাস খটা পূৰ্ণানন্দ গগৈয়ে হাতত গুলী লগাৰ পিছতো আজিলৈকে নাপালে চৰকাৰী সুবিধা। মুক্তিযুঁজাৰুজনক পেঞ্চনৰ বাদে ৰজাঘৰে নিদিলে এটা চৰকাৰী বাসগৃহও।

উৰুখা পজাতে জীৱনৰ ৯৭ টা বছৰ অতিক্ৰম কৰা কমৰেড পূৰ্ণানন্দ গগৈ আজিও তজবজীয়া হৈ আছে। বয়সৰ আচোৰ পৰিলেও নিজেই চাইকেল চলাই সমাজৰ হিতৰ কাৰণে ঘূৰি ফুৰা এইজন কমৰেডলৈ শাসনাধিষ্ঠিত চৰকাৰৰ দৃষ্টিগোচৰ হ’বনে?

বিষ্ণুৰাভাৰ দেহৰক্ষী হৈ ধন্য হোৱা পূৰ্ণানন্দ গগৈক ৰজাঘৰে এলাগী কৰিছে। স্বাধীনতা আন্দোলনৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী পূৰ্ণানন্দ গগৈৰ চৰকাৰলে অলপ সহায়ৰ বাবে আহ্বান জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 13 =

Back to top button