অপৰাধঅসমঅসম আৰক্ষী

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশ

কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিলৰ পিছতে এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হয় যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত নগাঁও আৰক্ষীৰ ভুল আছিল

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিলৰ পিছতে এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হয় যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত নগাঁও আৰক্ষীৰ ভুল আছিল।

এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, আৰক্ষীৰ এনকাউণ্টাৰত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হোৱা কীৰ্তিকমল বৰা এতিয়াও চিকিৎসাধীন হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 16 =

Back to top button