অসমআঞ্চলিক

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি! গুৰুজনালৈ শতকোটি প্ৰণিপাত

১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি! গুৰুজনালৈ শতকোটি প্ৰণিপাত

আজি অসমীয়াৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষ জনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই থৈ গৈছে। ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে মহাপুৰুষ গৰাকীয়ে। বাৰকুৰি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বঢ়াৰ পোৰ সৃষ্টিৰাজিৰ। ধ্বনিত হৈছে হাজাৰী ঘোষা। সুদূৰ নগাপাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই চাৰিখুটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাইদি ভটিয়াই আহোতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল। আৰু পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটঙা ছিঙি আনি, তাৰ এটি পতোৱা এৰুৱাই চাৰিখুটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰে পৰাই মহাপুৰুষ জনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + twelve =

Back to top button