অপৰাধঅসম

আহত ব্যক্তিক চিকিৎসালয়লৈ নিম বুলি পেলালে পথৰ দাঁতিত! পুৱা মৃতদেহ উদ্ধাৰ

বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা

বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি গুৰুত্বৰভাবে আহত ব্যক্তিক চিকিৎসালয়লৈ নিম বুলি পেলালে পথৰ দাঁতিত। পুৱা মৃতদেহ উদ্ধাৰ।

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেটিয়ণি গাঁৱত বুধবাৰে সংঘটিত এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক গুৰুত্বৰভাবে আহত হয়। কিন্তু দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰে AS O1 Da 2033 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনে। লগে লগে স্থানীয় ৰাইজে গাড়ীখন আটক কৰে ফলত  গাড়ীখনৰ আৰোহীয়ে আহত ব্যাক্তিজনক ধিং চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব লৈ আহত লোক গৰাকীক লৈ যায়।

নিশা আহত লোকজনৰ পৰিয়াৰলৰ লোকে ধিং চিকিৎসালয়লৈ গৈ আহত লোক জনৰ কোনো শুংসূত্ৰ নাপাই। নগাঁৱৰ সকলো চিকিৎসালয়ত বিচাৰ খোচাৰ কৰি উপায়ন্তৰ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰে। অৱশেষত বৃহস্পতিবাৰে পুৱা নগাঁও-বটদ্রৱা সংযোগী পথৰ হাইডুবী জিৰণি চৰাত আহত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়।

এনেদৰে গাড়ীত চিকিৎসা ব্যৱস্থা কৰিম বুলি উঠাই নিয়াৰ পাছত পুৱা পথৰ কাষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত বটদ্ৰৱাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button