অসম

শিৱসাগৰত এটা মৃতদেহক লৈ উতপ্ত পৰিস্থিতি

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ নামতিৰ দিকচু খনিকৰ গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি| নিতুল বড়া নামৰ এজন যুৱকৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উতপ্ত পৰিস্থিতিৰ|

নিতুল বৰা নগালেণ্ডত হাতীৰ মাউত হিচাপে কৰ্মৰত আছিল| আৰু মালিক সোনটো নেওগে নিতুল বড়াৰ হাতীৰ আক্ৰমণত নগালেণ্ডত মৃত্যু হোৱা বুলি খবৰ দি নিতুল বড়াৰ ককায়েকৰ হাতত মৃতদেহ চমজাই দিয়ে| মৃতদেহটো নিশা নগালেণ্ড পৰা আহি পোৱাৰ লগে লগেই গাওঁবাসীৰ মাজত সৃষ্টি হয় চানঞ্চল্যৰ|

কিন্তু স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত ল’য় আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে দাবী জনায়|

ক’ভিড মহামাৰীৰ বাবে আতংকিত হৈ থকা গাঁওবাসীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা নকৰাত আৰু অধিক চিন্তিত হৈ পৰে|

পৰৱৰ্তী সময়ত ঘটনাস্থলিত আমগুৰি আৰু নামতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি অভিযান অব্যাহত ৰাখে|

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − seven =

Back to top button