খেলভাৰত

সৰ্বাধিক অলিম্পিক পদকৰ অভিলেখ গঢ়িলে ভাৰতে

ট'কিঅ অলিম্পিকত ভাৰতে সপ্তমটো পদক দখল কৰিলে

ট’কিঅ অলিম্পিকত ভাৰতে সপ্তমটো পদক দখল কৰিলে। ইয়াৰ জৰিয়তে ভাৰতে অলিম্পিকত সৰ্বাধিক মেদেল দখলৰ অভিলেখ স্পৰ্শ কৰিলে। ইয়াৰ পূৰ্বে ২০১২ৰ লণ্ডন অলিম্পিকত ভাৰতে ৬ টা পদক দখলেৰে আটাইতকৈ সফলৰূপে চিহ্নিত হৈছিল।

মন কৰিবলগীয়া যে, ৬৫ কেজি শাখাত কাজাখাস্তানৰ খেলুৱৈক পৰাজিত কৰি বজৰং পুনিয়াই ব্ৰঞ্জ নিশ্চিত কৰাৰ লগে লগেই লণ্ডনৰ অভিলেখ স্পৰ্শ কৰে।

ইফালে জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই স্বৰ্ণ নিশ্চিত কৰাৰ পিছতে ২০১২ ৰ লণ্ডন অলিম্পিকৰ পদক অভিলেখ অতিক্ৰম কৰি সৰ্বাধিক অলিম্পিক পদকৰ অভিলেখ ৰচে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 7 =

Back to top button