অসমসংস্কৃতি

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, প্ৰত্যেকজন লোকেই আজি সগৌৰৱে পালন কৰিছে নিজৰ ভাষাৰ দিৱস

প্ৰত্যেক বছৰে ২১ ফ্ৰেব্ৰুৱাৰী দিনটোক আন্তজাৰ্তিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ প্ৰত্যেক জন লোকেই আজি সগৌৰৱে নিজৰ ভাষাৰ দিৱস পালন কৰিছে।

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। প্ৰত্যেক বছৰে ২১ ফ্ৰেব্ৰুৱাৰী দিনটোক আন্তজাৰ্তিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ প্ৰত্যেক জন লোকেই আজি সগৌৰৱে নিজৰ ভাষাৰ দিৱস পালন কৰিছে।

চিৰ চেনেহী মোৰ ভাষা জননী৷ মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰ কৰা আৰু সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে আজি ৰাতাবাড়ি সমষ্টিৰ শনবিল এলেকাত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ। সোমবাৰে ৰাতিপুৱাৰ পৰা এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাসয় এই শনবিলৰ বালিচৰত আজি আয়োজন কৰা হয় চিলা উৎসৱৰ।

চিলা উৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হয় ৰংগ’লি অঙ্কন প্ৰতিযোগীতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ। লগতে বিভিন্ন ৰঙ আৰু আকাৰৰ ‘চিলা’ উৰাই আনন্দ অনুভব কৰে উপস্হিত সকলোয়ে । ইপিনে, বিভিন্ন কাৰনত গৃহ বন্দী হৈ থকা শিশু সকলোক পুনৰ খেল পথাৰত লৈ অহায়ে এই চিলা উৎসৱৰ মূখ্য উদ্দেশ্য বুলি জনাইছে আয়োজকসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + twenty =

Back to top button