অসমৰাজনৈতিক

আজিৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমুহ…

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেনিনেটৰ সিদ্ধান্ত অনুসৰি,

এতিয়াৰ পৰা কোনো মন্ত্ৰীয়ে বিত্ত বিভাগৰ অনুমোদন অবিহনে নতুন আঁচনি ঘোষণা কৰিব নোৱাৰিব।
চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰীক সম্বৰ্ধনা জনোৱা নহ’ব ৷ কেন্দ্ৰীয় মন্ত্ৰী থাকিলে বা নিমন্ত্ৰিত ব্যক্তিকহে জনোৱা হ’ব সম্বৰ্ধনা৷ জিলা পৰিদৰ্শনলৈ গ’লে মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ সলনি বৃক্ষৰূপণ কাৰ্যসূচীহে ৰাখিব।

মুখ্যমন্ত্ৰীৰ কনভয় যাওতে দুই মিনিটৰ ওপৰত কোনো স্থানতে কোনো গাড়ী ৰখাই থ’ব নোৱাৰিব৷ এম্বুলেন্স থাকিলে কোনেও ৰাখিব নোৱাৰিব৷ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত ৬খন গাড়ী থাকিব৷ গুৱাহাটীৰ বাহিৰত ১২খন গাড়ী থাকিব৷

জিলা গঠনৰ দিনটোক জিলা দিৱস হিচাপে পালন কৰিব সংশ্লিষ্ট জিলাই। জিলা দিৱসৰ দিনত জিলাৰ বাবে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক সম্বৰ্ধনা জনাব৷ এই অনুষ্ঠানত জিলাৰ দায়িত্ববাহী মন্ত্ৰী উপস্থিত থাকিব৷

দহ মাৰ্চৰ ভিতৰত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা হয়৷

জলজীৱন মিছনক কাৰ্যক্ষম ক্ষীপ্ৰতাৰে কৰিবলৈ কেবিনেটত সিদ্ধান্ত৷ জিলাৰ দায়িত্ববাহী মন্ত্ৰীসকলক নজৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

উচিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ জিলা উপায়ুক্তসকলে সম্বন্বয় ৰক্ষা কৰিব৷

১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ কেবিনেটৰ৷

পৌৰ নিগমৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে নিৰ্বাচনৰ বাবে কিছু সময় লাগিব৷ পৌৰসভাৰ নিৰ্বাচনৰ পিছতহে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷

কোভিড SOPক লৈ আজি কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ এক ফেব্ৰুৱাৰীৰ পূৰ্বে সিদ্ধান্ত লোৱা হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + eighteen =

Back to top button