চৌদি আৰৱধাৰ্মিকবিশ্ব

আজানৰ সময়ত লাউডস্পীকাৰৰ ভলিউম কম কৰাৰ নিৰ্দেশ দিছে চৌদি আৰৱত

চৌদি আৰৱত আজানৰ সময়ত লাউডস্পীকাৰৰ ভলিউম কম কৰিবলৈ মছজিদসমূহক নিৰ্দেশ দিছে চৌদি আৰৱ চৰকাৰে।

আজান বা প্ৰাৰ্থনাৰ সময়ত অতিৰিক্ত লাউডস্পীকাৰ ব্যৱহাৰৰ ফলত বয়সীয়া লোক আৰু শিশুৰ শাৰীৰিক-মানসিক স্বাস্থ্যত পৰিব পৰা কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে ‘The National’ আৰু ‘The Siasat daily’-এ প্ৰকাশ কৰা বাতৰি অনুসৰি চৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী শ্বেইখ ডা০ আবুল্লতিফ বিন আব্দুলাজিজ আল শ্বেইখে এই সম্পৰ্কে জাৰি কৰিছে নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি শব্দযন্ত্ৰৰ সৰ্বাধিক ভলিউমৰ এক তৃতীয়াংশতকৈ অধিক ভলিউম ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে।

নিৰ্দেশনাটোত উল্লেখ থকামতে মছজিদৰ ভিতৰত থকা লোকসকলে ইমামৰ কণ্ঠস্বৰ শুনাটোৱেই যথেষ্ট।

উল্লেখযোগ্য যে মক্কা আৰু মদিনাৰ বিখ্যাত মছজিদ দুটাৰ উপৰি দেশখনত আছে ৯৮ হাজাৰৰো অধিক মছজিদ।

চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাক ইছলামিক দেশখনৰ ধৰ্মীয় সমাজে কেনেদৰে গ্ৰহণ কৰে সেয়া হৈ পৰিছে লক্ষ্যণীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − one =

Back to top button