অপৰাধঅসম

অৱশেষত গ্ৰেপ্তাৰ হ’ল ৫০ কোটি টকীয়া কেলেংকাৰীত জড়িত শুভ্ৰজ্যোতি ভৰালী

ইণ্ডাষ্ট্ৰিয়েল ক'অপাৰেটিভ বেংকৰ কেলেংকাৰীত জড়িত আছিল শুভ্ৰজ্যোতি ভৰালী। বহু দিনৰ পৰা পলাটক আছিল অভিযুক্ত শুভ্ৰজ্যোতি৷

ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰী৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল কেলেংকাৰীত জড়িত শুভ্ৰজ্যোতি ভৰালী। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শুভ্ৰজ্যোতি ভৰালীক৷

সমগ্ৰ বেংক কেলেংকাৰীৰ মূল অভিযুক্ত আছিল বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী৷ বহু দিনৰ পৰা পলাটক আছিল অভিযুক্ত শুভ্ৰজ্যোতি৷

লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকি হৈছিল এই বৃহৎ ধনৰাশি৷ নাগৰীক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷ এজাহাৰাত নাম উল্লেখ কৰিছিল ৰাজেশ্বৰ দাস, গণেশ ডেকা ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ গয়াৰী, নৰেন চন্দ্ৰ মেধী, মুকুল তালুকদাৰ, অনিল চন্দ্ৰ কলিতাৰ৷ পূৰ্বৰ গোচৰত জামিন লাভ কৰিছিল আটাইকেইজন অভিযুক্তই৷

বেংকৰ এজন কৰ্মচাৰীয়েও পাণবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ৷ গকুল তালুকদাৰ নামৰ কৰ্মচাৰীজনে দাখিল কৰিছিল দ্বিতীয়টো গোচৰ৷ গোচৰ নম্বৰ ৫৫১/২১ৰ অধিনত গ্ৰেপ্তাৰ হয় শুভ্ৰজ্যোতি ভৰালী৷

উল্লেখ্য় যে, গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ আছে শুভ্ৰজ্যোতিৰ বিৰুদ্ধে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button