অপৰাধঅসমৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টাৰ গোচৰ মিজোৰাম আৰক্ষীৰ!

২০০ গৰাকী অসম আৰক্ষীৰ লোকৰ বিৰুদ্ধেও গোচৰ মিজোৰাম আৰক্ষীৰ

২৬ জুলাইৰ অসম আৰু মিজোৰাম ৰাজ্যৰ সীমান্তত সংঘটিত হোৱা গুলিয়াগুলি ঘটনাৰ চাঞ্চল্য মাৰ যোৱা নাই। অসম-মিজো সীমা বিবাদৰ মাজতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ। তাৰ লগতে অসম আৰক্ষী বিষয়াৰ ওপৰতো গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে। হত্যাৰ অপচেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ গোচৰ তৰা হৈছে মুখ্যমন্ত্ৰী আৰু শীৰ্ষ পৰ্যায়ৰ অসম আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

মুখ্যমন্ত্ৰীৰ লগতে চাৰি গৰাকী শীৰ্ষ অসম আৰক্ষীৰ বিষয়া, দুগৰাকী আমোলা আৰু ২০০ গৰাকী অসম আৰক্ষীৰ লোকৰ বিৰুদ্ধেও গোচৰ তৰিছে মিজোৰাম আৰক্ষীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button