অসমজীৱনশৈলীধাৰ্মিক

অসমীয়া সমাজৰ ‘সাত লগা’ অথবা অম্বুবাচীৰ তাৎপৰ্য কি?

কি-কি নিয়ম মানি চলা উচিত এই সময়ত?

অসমীয়া সমাজৰ ‘সাত লগা’ অথবা অম্বুবাচীৰ তাৎপৰ্য কি? এই সময়ত কি-কি নিয়ম মানি চলা উচিত?

হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বাৰ্ষিক উৎসৱ হৈছে অম্বুবাচী। শক্তিপীঠ কামাখ্যাত আজিৰে পৰা আৰম্ভ হ’ব পৱিত্ৰ অম্বুবাচী অথবা ‘অমাৱতী’। নীলাচলত নাই পূৰ্বৰ উছাহ। ক’ভিড পৰিস্থিতিৰ বাবে বিভিন্ন ঠাইৰ পৰা অহা সাধু-সন্যাসী তথা ভক্তৰ সমাগম নথকা কামাখ্যা পীঠত অনুষ্টুপীয়াকৈ পালন কৰা হ’ব অম্বুবাচী।

শক্তিপীঠত শক্তি পাবৰ বাবে পূজা কৰা হয়। দেশৰ ৫২ খন পীঠৰ ভিতৰত কামাখ্যা পীঠ হৈছে আটাইতকৈ শক্তিশালী পীঠ। য’ত মনৰ সিদ্ধিৰ কাৰণে পূজা কৰিলে ভক্তসকল সফল হয় বুলি এক জন বিশ্বাস আছে ।

আজি দিনৰ ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ‘ব ২৬ জুন শনিবাৰে পুৱতি নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত।

অসমীয়া সমাজত এই অম্বুবাচীৰ এক বিশেষ তাৎপৰ্য আছে। কিয়নো, এইকেইটা দিনত অসমীয়া সমাজত ‘সাত লগা’ বুলি ধৰা হয়। অৰ্থাৎ বসুমতী ৰজ:স্বলা হয় বুলি অসমীয়া সমাজত এক জন বিশ্বাস পূৰ্বৰ পৰাই প্ৰচলিত হৈ আছে।

অম্বুবাচীৰ সময়ত তিনিদিনৰ বাবে কোনো শুভ বা মাংগলিক কাম কৰিব নোৱাৰি।  চতুৰ্থ দিনৰ পৰা শুভ কাম কামত কোনো বাধা নাই। অম্বুবাচীৰ সময়ত, হাল বোৱা, নতুন ঘৰত প্ৰৱেশ, বিবাহ আদিৰ দৰে ভাল কাম কৰাটো নিষিদ্ধ। এই সময়ত মঠ-মন্দিৰৰ প্ৰৱেশ দ্বাৰো বন্ধ কৰি দিয়া হয়। অম্বুবাচী বহুতো ৰীতি-নীতিৰ সৈতে জড়িত। এই তিনিদিন বিশেষকৈ সন্ন্যাসী আৰু বিধৱাসকলে উদযাপন কৰে। এই দিনবোৰৰ বাবে যিকোনো শুভ কাম কৰাটো উচিত নহয়।

অম্বুবাচীৰ সময়ত বিধৱা মহিলাসকলেও কোনো ৰন্ধা-বঢ়া কৰা আহাৰ খাব নালাগে। যিসকল ল’ৰা-ছোৱালীয়ে পিতৃ অথবা মাতৃক হেৰুৱাইছে সেইসকলেও অম্বুবাচী অথবা ‘সাত লগা’ৰ সময়ত ব্ৰত পালন কৰি মা কামাখ্যাৰ ওচৰত পিতৃ অথবা মাতৃৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে বুলি এক লোক বিশ্বাস আছে।

লোক বিশ্বাস মতে, অম্বুবাচী অথবা ‘সাত লগা’ৰ সময়ত ব্ৰত ৰখাসকলে –

১)ৰন্ধা-বঢ়া কৰিব নালাগে। ৰন্ধা আহাৰ খাব নালাগে। গৰম আহাৰ খোৱা উচিত নহয়।

২)অম্বুবাচীৰ পূৰ্বতে ৰন্ধা আহাৰেই তিনি দিন কম পৰিমাণে খাব লাগে।

৩)ফল-মূল খাব লাগে।

৪)পূজা-অৰ্চনা কৰাৰ পৰা বিৰত থাকিব লাগে।

ইয়াৰোপৰি ‘সাত লগা’ৰ সময়ত অসমীয়া লোকসকলে বহুকেইটা কাম কৰাৰ পৰা বিৰত থাকে-

১)বসুমতী পুষ্পিতা হোৱাৰ বাবে এই সময়ত মাটি খান্দিব নালাগে।

২)গছৰ পাত, ফল-মূল চিঙি খাব নালাগে।

৩)হাল বোৱা, কৃষি কাৰ্যৰ পৰা বিৰত থাকিব লাগে।

৪)গৃহ প্ৰৱেশ, বিবাহ আদিৰ দৰে মাংগলিক কামৰ পৰা বিৰত থাকিব লাগে।

৫)ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেই কেইদিন কেৱল ফল-মূল আৰু গাখীৰহে গ্ৰহণ কৰে ।

৬)শিপিনীসকলে তাঁতশালত নবহে।

৭)’হাত লগা’ শেষ হোৱাৰ পাছত ঘৰৰ বাঢ়নী পেলাই দিব লাগে।

অসমীয়া লোকসকলে এই অম্বুবাচী অথবা ‘সাত লগা’ ভগাৰ পাছত কেঁচা গাখীৰত সোণ-ৰূপৰ জোবোকা মাৰি দুবৰি বনেৰেৰে ঘৰত ছটিয়াই শুধ কৰে। ঘৰ-চোতালতো গোবৰ পানী ছটিয়াই শুধ কৰে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

five × 5 =

Back to top button