আন্তঃৰাষ্ট্ৰীয়খেল

অলিম্পিকত পদক বিজয়ী খেলুৱৈক কোন কেইখন দেশে বেছিকৈ দিব নগদ ধন? পঞ্চম স্থানত আছে ভাৰত

প্ৰত্যেকখন দেশৰ পদক বিজয়ী খেলুৱৈসকলক পদক লাভ কৰাৰ বাবে প্ৰদান কৰা হৈছে নগদ পুৰস্কাৰ

অলিম্পিক সকলো ক্ৰীড়াবিদৰ বাবে এক সপোন। জীৱনৰ সকলো ঘাত-প্ৰতিঘাতকো নেওচি অলিম্পিক পদক জয়ৰ দৌৰত ক্ৰীড়াবিদৰ যুঁজ। কোনে জিকিব পদক। এইবাৰৰ টকিঅ’ অলিম্পিকত শ্ৰেষ্ঠ পাৰদৰ্শিতাৰে বিভিন্ন শাখাত পদক বুটলিছে বহু খেলুৱৈয়ে। প্ৰত্যেকখন দেশৰ পদক বিজয়ী খেলুৱৈসকলক পদক লাভ কৰাৰ বাবে প্ৰদান কৰা হৈছে নগদ পুৰস্কাৰ।

স্বৰ্ণ, ৰূপ, আৰু ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈসকলক নিজ দেশে দিছে পুৰস্কাৰ। নগদ পুৰস্কাৰ দিয়াৰ তালিকাক প্ৰথম পাঁচ নম্বৰত থকা দেশকেইখন হৈছে-ছিংগাপুৰ, কাজাখাস্তান, ইটালী আৰু মালয়েছিয়া, হাংগেৰী আৰু ভাৰত।

অলিম্পিক বিজয়ী খেলুৱৈসকলক পুৰস্কাৰ দিয়াৰ শীৰ্ষ স্থানত আছে ছিংগাপুৰ। ছিংগাপুৰে স্বৰ্ণ বিজয়ী খেলুৱৈক দিবঃ$737,000, ৰূপ বিজয়ী খেলুৱৈকঃ$369,000, ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈকঃ$184,000 নগদ ধন দিয়া হ’ব।

Team Singapore in Tokyo Olympics 2020
Team Singapore in Tokyo Olympics 2020

দ্বিতীয় স্থানত আছে কাজাখাস্তান। এই দেশে স্বৰ্ণ বিজয়ী খেলুৱৈক দিবঃ$250,000, ৰূপ বিজয়ী খেলুৱৈক দিবঃ$150,000, ব্ৰঞ্জ বিজয়ী খেলুৱৈক দিয়া হ’বঃ$75,000 টকা।

Team Kazakhstan in Tokyo Olympics 2020
Team Kazakhstan in Tokyo Olympics 2020

নগদ পুৰস্কাৰ দিয়াৰ তিনি নম্বৰ স্থানত আছে ইটালী আৰু মালয়েছিয়া। এই দুয়োখন দেশে পদক বিজয়ী খেলুৱৈসকলক সম পৰিমাণৰ ধনেৰে পুৰস্কৃত কৰিব। ইটালী আৰু মালয়েছিয়াই স্বৰ্ণ বজয়ী খেলুৱৈক দিবঃ$236,000-$213,000 টকা। ৰূপৰ পদক বিজয়ী খেলুৱৈক দিয়া হ’বঃ$71,000-$107,000, ব্ৰঞ্জৰ পদক বিজয়ীক প্ৰদান কৰা হ’বঃ$24,000-$71,000 টকা।

Team Italy in Tokyo Olympics 2020
Team Italy in Tokyo Olympics 2020
অলিম্পিকত পদক বিজয়ী খেলুৱৈক কোন কেইখন দেশে বেছিকৈ দিব নগদ ধন? পঞ্চম স্থানত আছে ভাৰত
Team Malaysia in Tokyo Olympics 2020

আনহাতে, এই স্থানত চতুৰ্থত আছে হাংগেৰী। হাংগেৰীয়ে অলিম্পিকত স্বৰ্ণ বিজয়ী খেলুৱৈক দিব $168,000, ৰূপ বিজয়ী খেলুৱৈক দিব $126,000, ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈক দিব $96,000।

Hungary Olympic Team in Tokyo Olympics 2020
Hungary Olympic Team in Tokyo Olympics 2020

অলিম্পিক বিজয়ী খেলুৱৈক নগদ ধন দিয়াৰ ক্ষেত্ৰত পঞ্চম স্থানত আছে ভাৰত। ভাৰতে স্বৰ্ণ বিজয়ী খেলুৱৈক দিবঃ 7,500,000($100,834), ৰূপ বিজয়ী কেলুৱৈক দিয়া হ’বঃ 4,000,000 টকা($ 53,778), ব্ৰঞ্জ বিজয়ী খেলুৱৈক ভাৰতে প্ৰদান কৰিব 2,500,000($33,611) নগদ পুৰস্কাৰ।

Team India in Tokyo Olympics 2020
Team India in Tokyo Olympics 2020

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 10 =

Back to top button