Socialজীৱনশৈলীস্বাস্থ্য

অতিপাত ইণ্টাৰনেট ব্যৱহাৰ কৰে নেকি? এইয়া এক মানসিক বিসংগতি

অতিপাত ইণ্টাৰনেটৰ ফলত হ'ব পাৰে IAD

অতিপাত ইণ্টাৰনেট ব্যৱহাৰ কৰে নেকি? এইয়া এক মানসিক বিসংগতি।

  অতিপাত ইণ্টাৰনেট ব্যৱহাৰ কৰাটো এক আসক্তি। নিচাযুক্ত দ্ৰৱ্য সেৱন, জুৱা খেল, অনিয়ন্ত্ৰিত যৌনাসক্তি আদিবোৰক যিদৰে মানসিক বিসংগতি (addiction) হিচাপে গণ্য কৰা হয়, সেইদৰেই অতিপাত ইন্টাৰনেট ব্যৱহাৰকো চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা এক মানসিক বিসংগতি হিচাপে ধৰা হয়।

 অতিপাত ইন্টাৰনেট ব্যৱহাৰক চিকিৎসা বিজ্ঞানত ‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি’ বা ‘Internet addiction disorder (IAD)’ নামেৰে নামাংকিত কৰা হৈছে।

 অন্যান্য আসক্তিজনিত মানসিক সমস্যাৰ দৰেই IADয়েও মানুহৰ স্নায়ুৰসায়ণৰ ক্ৰিয়া-প্ৰক্ৰিয়া সমূহৰ লগতে শৰীৰৰ সন্তুলনতো বিৰূপ প্ৰভাৱ পেলাই। IADৰ ফলত বিশেষকৈ লোকসকল ‘মানসিক হতাশগ্ৰস্ততা (depression)ত ভুগা দেখা যায়।

  ইতিমধ্যেই চীন, দক্ষিণ কোৰিয়া, টাইৱান আদি দেশত ১০ বছৰৰ তলৰ বহু শিশু আৰু কিশোৰে অত্যাধিক ইন্টাৰনেট ব্যৱহাৰৰ ফলত মানসিক ব্যাধিৰ দ্বাৰা ভয়াবহ ভাৱে আক্ৰান্ত হৈছে।

  ইন্টাৰনেট ব্যৱহাৰৰ ফলত হোৱা  IADক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। যেনে,

পৰ্ণ’গ্ৰাফীৰ প্ৰতি অতিমাত্ৰা আসক্তি

অতিমাত্ৰা ইন্টাৰনেট গেমিং

অতিমাত্ৰা ছ’চিয়েল নেটৱৰ্কিং, ব্ল’গিং

অতিমাত্ৰা ই-মেইল আসক্তি

অতিমাত্ৰা ই-ছপিং, ইত্যাদি

 প্ৰথমে ইভান গ’ল্দবাৰ্দ নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে ১৯৯৫ চনত উৰাবাতৰিৰ দৰে বিয়পি পৰা এটা হাস্য-ব্যংগমূলক লেখনিত IAD ৰ বিষয়ে উল্লেখ কৰিছিল।

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button